মুঠ CAF পঞ্জীয়নৰ পৰিসংখ্যা
মুঠ আবেদন
মুঠ অনুমোদন প্ৰদান
সেৱাৰ সূচ্য়াংয়কৰ শতাংশ(%)
অসম, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত আৰু ভুটান, বাংলাদেশ আৰু মিয়্য়ানমাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে। দক্ষিণ-পূব এছীয়াৰ দেশসমূহৰ সন্নিৱিষ্ট অৱস্থানৰ বাবে অসমত ব্যৱসায়ৰ যথেষ্ট সম্ভাৱনা আছে, আৰু বিশেষকৈ ভাৰতৰ "এক্ট ইষ্ট" নীতিৰ কাৰ্যকৰীতায়ে, অঞ্চলটোৰ সৈতে আৰ্থিক আৰু ৰাজনৈতিক সম্পর্কৰ উন্নতি কৰন হৈছে।
অসম তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল, চাহ আদি প্ৰাকৃতিক সম্পদেৰে চহকী। ৰাজ্যখনে ভাৰতৰ চাহ উৎপাদনৰ এক উল্লেখযোগ্য অংশ বহন কৰে আৰু ইয়াত তেল আৰু প্ৰাকৃতিক গেছৰ বিপুল সম্ভাৰ মজুত আছে, যাৰ বাবে ই শক্তি আৰু খনন খণ্ডত বিনিয়োগৰ বাবে এক আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হৈছে।
ৰাজ্যখনৰ অনুকূল জলবায়ুৰ অৱস্থা আৰু উৰ্বৰ ভূমিয়ে বিভিন্ন কৃষি কাৰ্যক সমৰ্থন কৰে। চাহ, চাউল, ফলমূল, মছলা জাতীয় আদিৰ উৎপাদনৰ বাবে অসম পৰিচিত। খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যান শস্যৰ দৰে কৃষিভিত্তিক উদ্যোগত বিনিয়োগে এই সম্পদসমূহৰ মূল্য সংযোজন আৰু ৰপ্তানিৰ সুযোগৰ বাবে লাভৱান হ’ব পাৰে।
পথৰ, ৰে’লৱে, বিমানবন্দৰ, বন্দৰ আদিৰ সম্প্ৰসাৰণকে ধৰি যোৱা কিছু বছৰত অসমত দ্ৰুত আন্তঃগাঁথনি উন্নয়নৰ সাক্ষী হৈ আহিছে। ভাৰতমালা প্ৰকল্প, নতুন দলং আৰু ঘাইপথ নিৰ্মাণৰ দৰে পদক্ষেপে ৰাজ্যৰ ভিতৰত আৰু চুবুৰীয়া অঞ্চলৰ সৈতে সংযোগ উন্নত কৰি বাণিজ্যৰ সুবিধা প্ৰদান কৰিছে।
অসম চৰকাৰে বিভিন্ন খণ্ডত বিনিয়োগ আকৰ্ষণ কৰিবলৈ বিভিন্ন প্ৰণোদনা মূলক আচনি আৰু ৰাজসাহায্য আগবঢ়ায়। ইয়াৰ ভিতৰত কৰপ্ৰণোদন, মূলধনীকৃত ৰাজসাহায্য, কেন্দ্ৰীয় কৰ আৰু শুল্ক পৰিশোধ আদি সাহায্য অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে পৰ্যটন, তথ্য প্ৰযুক্তি আৰু উৎপাদন আদি খণ্ডক প্ৰসাৰিত কৰাৰ বাবে নিৰ্দিষ্ট নীতি আৰু কাৰ্যসূচী আৰম্ভ কৰিছে।
অসম প্ৰাকৃতিক সৌন্দৰ্য, বৈচিত্ৰ্যময় বনপ্ৰাণী আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ আশীৰ্বাদপুষ্ট,সেয়েহে অসম খন জনপ্ৰিয় পৰ্যটন গন্তব্যস্থলী ৰূপে পৰিগণিত কৰিছে। ৰাজ্যখনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত, যি ইউনেস্কঽৰ বিশ্ব ঐতিহ্যবাহী স্থান আৰু একক শৃঙ্গযুক্ত গঁড়ৰ বাবে বিখ্যাত। আতিথ্য, ইকঽ-টুৰিজম আৰু অ্যাডভেঞ্চাৰ পৰ্যটনৰ ক্ষেত্ৰত বিনিয়োগে পৰ্যটন উদ্যোগৰ যথেষ্ট্য় সম্ভাৱনাৰ সৃষ্টি কৰিছে।
অসম যুৱ আৰু দক্ষ কৰ্মশক্তিৰে ভৰা, যাৰ ফলত মানৱসম্পদৰ প্ৰয়োজন থকা উদ্যোগসমূহৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰে। ৰাজ্যখনত কেইবাটাও কাৰিকৰী আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰ আছে যি দক্ষতা বিকাশ আৰু উদ্ভাৱনত অৰিহণা যোগায়।
অসম চৰকাৰে ব্যৱসায় কৰা সহজ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। চিঙগল উইণ্ডো অনুমোদন , অনলাইন লাইচেন্সিং আৰু উদ্যোগ বিশেষ নীতিৰ দৰে উদ্যমসমূহে বিনিয়োগ প্ৰক্ৰিয়া সৰল কৰি প্ৰশাসনিক বাধাবিপত্তি হ্ৰাস কৰিবলৈ সহায় কৰিছে।